Posts

Showing posts with the label ওজন কম কেনেকৈ wight loss

৩০ দিনত ওজন কমাওক

বৰ্তমান সমাজত সকলো বয়সৰ লোককে চিন্তিত কৰা এটি সমস্যা হ'ল মেদবহুলতা। যাৰ ফলত মানুহৰ শৰীৰৰ ওজন বাঢ়ি যায় আৰু তেনে মানুহ বিভিন্ন ধৰণৰ বেমাৰত আক্ৰান্ত হোৱা দেখা যায়। বহুত ক্ষেত্ৰত এনে মানুহৰ আত্মবিশ্বাস কমি যোৱা আৰু হীনমন্যতাত ভূগাও দেখা যায়। মেদবহুলতা বা শৰীৰত অত্যধিক চৰ্বী জমা হোৱা আৰু শৰীৰৰ প্ৰয়োজনতকৈ ওজন বাঢ়ি যোৱাটো গম পোৱা যায় মানুহজনৰ BMI (Body Mass Index) ৰ ওপৰত ।এজন মানুহৰ স্বাভাৱিকতে BMI ১৮.৫ ৰ পৰা ২৫ ৰ ভিতৰত হব লাগে। ইয়াতকৈ কমি গ'লে ক্ষীণাই যোৱা বা ওজন হ্ৰাস হোৱা আৰু ইয়াতকৈ বাঢ়ি গ'লে শকত হোৱা বা ওজন বাঢ়ি যোৱা বুলি কোৱা হয়। মানুহ এজনৰ BMI নিৰ্ধাৰণ কৰা ফৰ্মূলাটো হ'ল-BMI=মানুহজনৰ ওজন কিলোগ্ৰাম হিচাপে/মানুহজনৰ উচ্চতা মিটাৰত × মানুহজনৰ উচ্চতা মিটাৰত। উদাহৰণস্বৰূপে যদি এজন মানুহৰ ওজন ৬০ কেজি হয় আৰু তেওঁৰ উচ্চতা ১.৫ মিটাৰ হয় তেন্তে তেওঁৰ BMI = ৬০/১.৫×১.৫=২৬.৬৭। বেছিভাগ ক্ষেত্ৰতে মানুহ এজনৰ এই সমস্যাটো তেওঁৰ অশুদ্ধ জীৱনশৈলী, যেনে - চৰ্বীযুক্ত সংশোধিত (Processed) খাদ্যৰ অধিক সেৱন,প্ৰয়োজনতকৈ অধিক পৰিমাণে খাদ্য সেৱন, শীতল পানীয় আৰু শৰ্কৰামিশ্ৰিত পানীয়ৰ অধিক সেৱন, শ...